জোনাইত অবৈধভাৱে চলি আছে ফুল ঝাৰুৰ বেহা ৷
অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বন বিভাগৰ পৰা কোনোধৰণৰ TP নোলোৱাকৈ অসমলৈ চোৰাংকৈ আনি অবৈধভাৱে নিজৰ ঘৰত দমে দমে মজুত ৰাখি বহু বছৰৰ পৰা চলাই আহিছে ফুল ঝাৰুৰ অবৈধ বেহা৷ এয়া জোনাইৰ ডেকাপামৰ দীনেশ গোৱালা নামৰ এজন ব্যক্তিৰ ঘৰত এনেদৰে দমে দমে ফুল ঝাৰু মজুত ৰাখি অবৈধভাৱে বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ জানিব পৰামতে লোকজনে অৰুণাচলৰ পৰা অনা ফুল ঝাৰুবোৰ জোনাই বন বিভাগৰ পৰা কোনোধৰণৰ T.P নোলোৱাকৈ এনেদৰে অবৈধভাৱে ঘৰত ৰাখি গাড়ীয়ে গাড়ীয়ে ফুল ঝাৰু বাহিৰলৈ ৰপ্তানি কৰি অহাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ জানিব পৰামতে জোনাই বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে এনে কাৰ্য দেখিও কিয় নেদেখাৰ ভাঁও জুৰিছে এই লয়ো ৰাইজে সন্দেহ প্ৰকাশ কৰিছে বন বিভাগক৷ যাৰ ফলত প্ৰতি বছৰে হেৰুৱাই আহিছে বিভাগীয় ৰাজহ কৰ৷ সেয়ে এনেবোৰ অবৈধ ফুল ঝাৰু বেহা বন্ধ কৰিবলৈ ৰাইজে দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ৷