অসম অৰুনাচলৰ সীমান্ত অঞ্চল (মিংমাং) সীমা বিবাদ নিষ্পত্তি সমস্যাৰ সৈতে গোগামুখ ছাত্ৰ সন্থা উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ।
নিৰীহ জনতাৰ ওপৰত আৰক্ষী বৰ্বৰতা বন্ধ কৰা ,গোগামুখত স্থায়ী অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ অতি শীঘ্ৰে স্থাপন, গোগামুখ মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ প্ৰাদেশীকৰণ ,গোগামুখত বিএড মহাবিদ্যালয় স্থাপন, অসম অৰুনাচলৰ সীমান্ত অঞ্চল (মিংমাং) সীমা বিবাদ নিষ্পত্তি , গোগামুখ অসামৰিক চিকিৎসালয়ত বিশেষজ্ঞ চিকিৎসকৰ ব্যৱস্থা কৰা,আৰু গোগাজানৰ ভূমি বে -দখলমুক্ত কৰি সু-পৰিকল্পিত নলা -নৰ্দমাৰ ব্যৱস্থা কৰাৰ দাবীত গোগামুখ চাৰিআলিৰ লখিমপুৰ ৰোডত গোগামুখ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু মিংমাং মহিলা সংগ্ৰাম সমিতিৰ সহযোগত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
Tags:
Assam news