বোকাখাত সমষ্টিৰ পানবাৰী মিচিং গাঁৱৰ মুৰংঘৰৰ বাকৰিত লৃগাঙক আদৰাৰ ব্যাপক প্ৰস্তুতি।
গাওঁ খনৰ বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক লোক উৎসৱ আলি-আয়ে-লৃগাঙৰ বাবে পৰম্পৰাগত পানীয় "প'ৰ আপং" সামৰি ৰখা হৈছে,
অহা ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অৰ্থাত অহা ১৬ ফ্ৰেব্ৰুৱাৰী তাৰিখে গাওঁ খনৰ ৰাজহুৱা মৃৰংঘৰত উলহ-মালহেৰে দিনয়োৰা কাৰ্য্যসূচীৰে লৃগাঙ উদযাপন কৰা হব বুলি জনাইছে।
আলি-আয়ে-লৃগাঙৰ বিশেষ আকৰ্ষণ হিচাপে গাওঁখনৰ যুৱক সকলে এইবাৰ পানবাৰী মিচিং গাওঁখনৰ পাচটা চুবুৰি যেনে, ধনশিৰি চুবুৰি, চ'গুৰি চুবুৰি, এলেকমাৰী চুবুৰি, বোকাখাতীয়া চুবুৰি আৰু নিগম চুবুৰিৰ নামত চাংঘৰ আকৃতিৰে একোটাকৈ মৃৰংঘৰ সাঁজি উলিওঁৱা হৈছে ।
লগতে মুল তোৰণৰ কাষত কাজিৰঙা আৰু ব্ৰহ্মপুত্ৰ নামেৰে দুটিকৈ পৃথক মৃৰংঘৰ সাজি উলিয়াইছে।
আনহাতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ আৰ্হিত এখনি মিনি ৰাষ্ট্ৰীয় উদ্যান সাঁজি উলিয়াইছে।
পানবাৰী মিচিং গাঁৱৰ যুৱক তথা উদ্যোক্তা সকলে অসম চৰকাৰলৈ আলি-আয়ে-লৃগাঙৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষনা কৰিবলৈ আহ্বান জনাইছে।
বিশেষকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীক অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক লোক উৎসৱ আলি-আয়ে-লৃগাঙৰ দিনটো চৰকাৰী বন্ধ ঘোষনা কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ আহ্বান।