অসম চৰকাৰৰ দ্বাৰা মেৰাইন ইঞ্জিন বিনামুলীয়াকৈ বিতৰণ।
চাবুৱা বিধানসভা সমষ্টিৰ অন্তর্গত গুইজানত বিধায়ক পুনাকন বৰুৱাই ২৩ গৰাকী হিতাধিকাৰি তথা নাওৰ মালিকক আজি মেৰাইন ইঞ্জিন বিতৰন কৰে। যোৱা কিছু মাহ পূৰ্বে মাজুলীত নাও দুৰ্ঘটনা হোৱাৰ ফলত অসম চৰকাৰৰ এক নিৰ্দেশ মতে মেৰেইন ইঞ্জিন নথকা নাও সমুহৰ চলাচল বন্ধ কৰি দিয়া হৈছিল। যাৰ ফলত বিভিন্ন ব্যবসায়ী তথা টুৰিজীমৰ ভ্ৰমণৰ ক্ষেত্রত নাওৰ গৰাকী সকলে এক সমস্যাৰ মাজত জীয়াই থাকিব লগীয়া হৈছিল। ডিব্ৰু নৈতিক বৰ্তমান চলাচলৰ সুবিধাৰ বাবে গুইজানত ১৬ লাক্ষ টকা ব্যয়ৰে অসম চৰকাৰে ২৩ খন মেৰেইন ইঞ্জিন বিনামূলীয়া কৈ বিতৰণ কৰাত নাওৰ গৰাকী সকলৰ মাজত আশা বতৰা কঢ়িয়াই আনিছে।
Tags:
Assam news