ধেমাজি জিলাৰ ডিমৌ চাৰিআলিত মেদক ৰৃংগং কেবাঙৰ মুখ্য কাৰ্যালয় শুভাৰম্ভণি অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন
অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ বংশ সংগঠন মিচিং ৰৃংগং কেবাঙ কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্যালয় ধেমাজি জিলাৰ ডিমৌ চাৰিআলিত দিনজোৰা কাৰ্যসূচীৰে মেদক ৰৃংগং কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰগ্ৰেছ মেদকে শুভাৰম্ভণি কৰে ।
উল্লেখযোগ্য যে মেদক ৰৃংগং কেবাঙ কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ডিমৌ চাৰিআলিৰ সুযোগ্য সন্তান দিগেন মেদকে এক বিঘা মাটি মেদক ৰৃংগং কেবাঙ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰগ্ৰেছ মেদক আৰু সম্পাদক ৰাজু মেদকৰ হাতত আনুষ্ঠানিক ভাৱে গতাই দিয়ে ।
এই মহান কাৰ্যক দেখি মেদক ৰৃংগং কেবাঙ কেন্দ্ৰীয় সমিতি আৰু বিভিন্ন আঞ্চলিকৰ পৰা দিগেন মেদক আৰু তেওঁৰ সকলো পৰিয়ালক সম্বৰ্দ্ধনা জনোৱা হয় । ইয়াৰ পিছতে গূমৃন চয়িং অৰ্থাৎ স্মৃতি তৰ্পণ কৰে গজেন্দ্ৰনাথ মেদক আৰু ৰৃংগং বাংগং ছচাইতি অৰুণাচল প্ৰদেশৰ উপদেষ্টা লৱি লতিনে । মেদক ৰৃংগং কেবাঙৰ মুখ্য কাৰ্যালয়ৰ লাইখুটা ভূমি দাতা দিগেন মেদকে শুভ উদ্বোধনী কৰে ।
মেদক ৰৃংগং কেবাঙৰ সভাপতি প্ৰগ্ৰেছ মেদকে সভাপতিত্ব কৰা সভাত মেদক ৰৃংগং কেবাঙ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজু মেদকে কয় মেদক ৰৃংগং কেবাঙক সৰ্বাংগীন বিকাশৰ কৰা, অসমৰ প্ৰতিজন মেদকে বহিৰাজ্যত দাপলি নেমেলী নিজ অঞ্চলতে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুওৱা আৰু এই মহান চিন্তাৰে ভূমি দান কৰা দিগেন মেদকৰ প্ৰৰ্ঠিমুৰ্টি স্হাপন কৰিব লাগিব বুলি বক্তব্য প্ৰদান কৰে ।
উক্ত অনুষ্ঠানত মেদক ৰৃংগং কেবাঙ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰভাত মেদক, ৰামেশ্বৰ মেদক, সহ-সম্পাদক দিপক মেদক, নৱ কুমাৰ মেদক, ৰাজকুমাৰ মেদক, জিতুল মেদক, ৰাজতিলক মেদক, ঠাকুৰ মেদক, অৰুণাচল প্ৰদেশৰ লৱ লিতিনৰ লগতে বহু অঞ্চলৰ মেদক সকলে উপস্থিত থাকে ।
Tags:
Art & culture