বিহালীত আৰক্ষীৰ দ্বাৰা ফুট মাৰ্চ, আগন্তুক ২৬ জানুৱাৰী উপলক্ষে সজাগতা মূলক পদযাত্ৰা
আজি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকৰ উদ্যোগত বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰাজ নমুসুদ্ৰৰ নেতৃত্বত বৰগাং আৰক্ষী চকী, বেটেলিয়ন, চি.আৰ.পি.এফৰ জোৱান সকলে প্ৰায় ১২ কিঃমিঃ দূৰত্ব পদযাত্ৰা কৰে । পুৱা ৭ বজাত বিহালী আৰক্ষী থানাৰ পৰা পদযাত্ৰা আৰম্ভ কৰি দলটোৱে ৰাংচালী হৈ কমাৰপুখুৰী এলেকাৰ মাজেৰে পুণৰ বিহালী আৰক্ষী থানাত সমাপ্ত কৰে । সমাগত ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ পূৰ্বে সজাগতা সৃষ্টি তথা থানাখনৰ অধীনৰ এলেকা সমুহ সুক্ষ্ম নিৰীক্ষণৰ উদ্দেশ্যে উক্ত সজাগতা মূলক ৰেলী ওলোৱা হয় । এই সজাগতা ৰেলীত প্ৰায় অৰ্দ্ধ শতাধিক জোৱানে অংশগ্ৰহণ কৰে ।
Tags:
Awareness