আজি শিল্পী দিৱস।জ্যােতিৰ কৰ্ম স্থলী ভোলাগুৰি চাহ বাগিছাত পুস্পাঞ্জলী অৰ্পন ৰাইজৰ।
বিশ্ব বৰেণ্য শিল্পী জ্যােতি প্ৰসাদ আগৰৱালাৰ আজি মৃত্যু তিথি। অথাৎ ১৭ জানুৱাৰী দিনটো সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰি আহিছে শিল্পী দিৱস হিচাপে। জ্যােতিৰ কৰ্মস্থলী ভোলাগুৰি চাহবাগিছাতো পুৱাৰে পৰা লোকৰ সমাগম ঘটিছে। জ্যােতি প্ৰসাদ আগৰৱালাৰ আৱক্ষয় মূৰ্তিত পুষ্পাঞ্জলী অৰ্পন কৰি শিল্পী দিৱসৰ দিনটোত মহাম মণিষী গৰাকীক স্মৰণ কৰা পৰিলক্ষিত হৈছে। জ্যােতি প্ৰসাদ আগৰৱালাৰ প্ৰথম অসমীয়া কথাছবি জয়মতী এই ভোলাগুৰি চাহবাগিতেই চিত্ৰবন ফিলিম ষ্টুডিঅ' নিৰ্মাণ কৰি শ্বুটিং কৰা হৈছিল।আজিও ভোলাগুৰি চাহবাগিছাত সুন্দৰকৈ সঁজাই পৰাই ৰখা হৈছে 'চিত্ৰবন" ফিলিম ষ্টুডিঅ'