সোণাৰি চাপৰিত সোমবাৰে নিশা সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড। ভস্মীভূত হ'ল ৫ খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান।
ঢকুৱাখনাৰ সোণাৰি চাপৰি চাৰিআলিত সোমবাৰে নিশা ৯ বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় বহু লাখ টকাৰ সামগ্রী।
শ্বৰ্টচাৰ্কিটৰ ফলতে সন্দেহ কৰা হৈছেএই অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত হয় সোণাৰি চাপৰি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক৷ অগ্নিনিৰ্বাপক বাহিনী অহাৰ আগতেই স্থানীয় ৰাইজ নুমুৱাবলৈ সক্ষম হয় অগ্নি। এক ঘন্টা পলমকৈ অগ্নিনিৰ্বাপক গাড়ী অহাক লৈ উত্তেজিত স্থানীয় ৰাইজ ৷
Tags:
Assam news