Share on Facebook

মিচিং স্বায়ত্ত শাসিত পৰিষদত ৭৩ সংখ্যক গনৰাজ্য দিৱস উদযাপন

  মিচিং স্বায়ত্ত শাসিত পৰিষদত ৭৩ সংখ্যক গনৰাজ্য দিৱস উদযাপন


 সমগ্ৰ দেশৰ লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগতো  মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ৰ চৌহদত ৭৩ সংখ্যক গনৰাজ্য দিৱস উদযাপন কৰে। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই  শ্বহীদ তৰ্পণ কৰাৰ পাছত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষই পতাকা উত্তোলন কৰে। অনুষ্ঠানত পৰিষদৰ ৩৬ টা সমষ্টিৰ কাৰ্য্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলে অংশগ্ৰহণ কৰে।

দেশৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাতো ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন।




আজি ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস। সমগ্ৰ দেশৰ লগতে ঢকুৱাখনাতো মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় গণতন্ত্ৰ দিৱস।

ক'ভিড প্ৰট'কল মানি উদযাপন কৰা ঢকুৱাখনাত গণতন্ত্ৰ দিৱসৰ উপলক্ষে পতাকা উত্তোলন কৰে ঢকুৱাখনাৰ মহকুমাধিপতি গুৰনেইল সিঙে।

ইয়াৰ পিছতে ঢকুৱাখনাৰ বিভিন্ন সবাংগীন উন্নয়নৰ সন্দৰ্ভত মহকুমাধিপতি গৰাকীয়ে বক্তব্য আগবঢ়াই।

প্ৰথম বাৰৰ বাবে ছাত্র ছাত্ৰীৰ অনুপস্থিতিত আৰক্ষীৰ এটা দলে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰে।

জোনাইতো কভিড প্ৰটকলৰ মাজেদি ৭৩ সংখ্যক গনৰাজ্য দিৱস পালন৷

আজি সমগ্ৰ দেশৰ লগতে জোনাইতো ৭৩ সংখ্যক গনৰাজ্য দিৱস পালন কৰা হয়৷ ৰাজ্য চৰকাৰে জাৰী কৰা কভিড  প্ৰটকল অনুসৰি সীমিত সংখ্যক ৰাইজৰ উপস্থিতিৰে জোনাইৰ গান্ধী ময়দানত আনুষ্ঠানিক বাবে উদযাপন কৰা হয় গনৰাজ্য দিৱস৷ দেশৰ জাতীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে৷ অসম আৰক্ষীৰ জোৱান আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলৰ  কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মহকুমাধিপতিয়ে ৷


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post