হেলেমৰ কুৰুৱা পথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ ।ভাঙি পেলালে স্কুল, পকীঘৰ, পজাঁঘৰ।
বন বিভাগৰ লোকৰ ওপৰত ক্ষোভ উজাৰিছে সাধাৰণ জনতাই।
হেলেমৰ কুৰুৱা পথাৰত নিশা বনৰীয়া হাতীয়ে চলালে তাণ্ডৱ ।ভাঙি পেলালে ভদ্ৰু বিৰ্জা প্ৰাথমিক বিদ্যালয়, পকী ঘৰ সহ ছয়টাকৈ গৃহ। উজাগৰী নিশা ৰাইজে কটাইছে তাৰ বিপৰীতে কুম্ভকৰ্ণৰ নিদ্ৰাত নিদ্ৰামগ্ন বন বিভাগ ।টকাৰ লোভত সঘনাই বুৰৈ নৈৰ মহলত অহা বন বিভাগ নিশা কিয় কুম্ভকৰ্ণৰ নিদ্ৰাত নিদ্ৰামগ্ন আছিল বন বিভাগ? তাকে লৈ ক্ষুদ্ধ হৈ পৰিছে সাধাৰণ গঞাই। অতি শীঘ্ৰে ক্ষতিপূৰণ দাবী তুলিছে স্থানীয় ৰাইজে।
Tags:
Assam news