TMPK,TMMKআৰুMMKৰ সোণাৰি চাপৰি আঞ্চলিক কমিটিৰ প্ৰতিনিধিমূলক সভাৰ জৰিয়তে ক্ৰমে চতুৰ্দশ,দ্বাদশ আৰু একাদশ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন।
ঢকুৱাখনাৰ বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত সোণাৰি চাপৰিৰ দক্ষিণ চাৰিকড়ীয়া জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে সভাখন অনুষ্ঠিত হয়।। কাৰ্যসূচী অনুসৰি পুৱা চাফাই,পতাকা উত্তোলন ,শ্বহীদ তৰ্পন প্ৰতিনিধি পঞ্জীয়নৰ লগতে প্ৰতিনিধি সভা আৰম্ভ হয়। উদ্বোধক- মিগাং ক্ষিৰোদ পেগু,উপসভাপতি TMPK কেন্দ্ৰীয় কমিটি।বিয়লি-২বজাত মুকলি সভা আৰম্ভ,নিৰ্দিষ্ট বক্তা -মিগাং- ইন্দ্ৰ কুমাৰ চুংক্ৰাং সদস্য লখিমপুৰ জিলা পৰিষদ,মিগাং-যতীন পেগু, সাংগঠনিক সম্পাদক TMPK কেন্দ্ৰীয় কমিটি।আৰু আমন্ত্ৰিত অতিথি জিলা পৰ্যায়ৰ আৰু নেতৃত্বসকল । বিশেষকৈ আজি পুৰণা কমিটি ভংগ আৰু নতুন কমিটি গঠণ কৰা হয়। পৰমা চুংক্ৰাং দেৱে ভাষণত skill developmentৰ ওপৰত আজিৰ নৱ প্ৰজন্মক নিজকে আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনাই।
অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫০ সংখ্যক তিৰুভাৱ তিথি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ঢকুৱাখনাৰ বিভিন্ন ঠাইৰ নাঘঘৰৰ লগতে মাজ জালভাৰী চৈধ্য প্ৰসংগীয়া মহাপুৰুষীয়া নামঘৰত দিনজোৰাকৈ গুৰুজনাৰ এই তিথি আয়োজন কৰা হয়।
# ইফালে শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা ঢকুৱাখনা শংকৰদেৱ শিশু নিকেটনতো গুৰুজনাৰ তিথি-বৰগীত,ভাওনা,নৃত্যৰে উলহ-মালহেৰে পালন কৰে। এই অনুষ্ঠানত শিশু শিক্ষা সমিতি অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ,মিচিং স্বায়ত্ব পৰিষদৰ অধ্যক্ষ-সুনীল কুমাৰ পেগুকে ইত্যাদি কৰি বহুতো বিশিষ্ট ব্যক্তিয়ে। অনুষ্ঠান মাজতে নিকেটনৰ মুখপত্ৰ-"ভাৰতী" উন্মোচন কৰে সমাজ কৰ্মী হিৰণ্য দত্তই। আৰু আজি ৰাতিলৈ মাজ জালভাৰীত প্ৰাচীন পৰম্পৰাৰে " কংস বধ " নামৰ অংকীয়া ভাওনা প্ৰদৰ্শিত হ'ব।