হেলেমত ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্ম্য। হেলেমত নথিপত্ৰ অবিহনে চলে ডাম্পাৰ ট্ৰেক্টৰ। হেলেম আৰক্ষীয়ে অভিযান চলাই পোহৰলৈ আনে এই তথ্য।
হেলেম আৰক্ষীয়ে হেলেমৰ চন্দামাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে অভিযান চলাই ন টাকৈ ডাম্পাৰ আৰু সাত টাকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত কুমাৰ ভূঞাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে চলোৱা অভিযানত বহু কেইখন নথিপত্ৰ বিহীন ডাম্পাৰ আৰু ট্ৰেক্টৰৰ জৰিমনা বিহি যাবলৈ দিয়া হয় যদিও বহু কেইখন এতিয়াও থানাত জব্দ কৰি ৰখা হৈছে। উল্লেখ্য যে ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্ম্য আৰু সঘনাই দুৰ্ঘটনাত পতিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অভিযান চলোৱা বুলি জানিব দিয়ে হেলেম আৰক্ষীয়ে।