লখিমপুৰতো ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন
লখিলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে এই দিৱস উদযাপন
উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপিত হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস
পতাকা উত্তোলন কৰে লখিমপুৰ জিলা উপায়ুক্ত ড' জীৱন বি য়ে
মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এক লিখিত ভাষন প্ৰদান কৰে জিলা উপায়ুক্ত গৰাকীয়ে
এইবাৰ অংশগ্ৰহণ কৰা নাই NCC, স্কাউড-গাইড, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
অনুস্থিত নহয় কোনো ধৰনৰ সাংস্কৃতিক অনুষ্ঠান এইবাৰ স্বাধীনতা দিৱসত ।
সমান্তৰাল ভাবে আম আদমী পাৰ্টি, লখিমপুৰ জিলা সমিতি আৰু CYSS(ছাত্র যুৱ সংগ্ৰাম সমিতি) পতাকা উত্তোলন কৰি আজি পোৱাৰ ভাগত স্বাধীনতা সংগ্ৰামৰ প্ৰতিগৰাকী বীৰ শ্বহীদ, সংগ্ৰামী যুঁজাৰু,বীৰ-বীৰাংগনাক স্বাধীনতা দিৱসৰ এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰে ।
পল্লব মিলি/লখিমপুৰ
কভিড ১৯ ৰ সন্ত্ৰাসৰ মাজতো মাজুলীত আজি উলহ মালহেৰে ৭৪ তম দেশৰ স্বাধীনতা দিৱস পালন কৰা হয় ।
মাজুলী সদৰ গড়মুৰস্থিত কাছাৰি মৈদামত জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে চৰকাৰী ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ।
ইফালে কৰনাৰ ত্ৰাসৰ বাবে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ পৰিবৰ্তে কেৱল আৰক্ষীৰ জোৱান সকলে পেৰেডত অংশগ্ৰহণ কৰে । মুখ্য অতিথিৰ অভিভাষনত জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে স্বাধীনতা দিৱসত মাজুলী বাসীক শুভেচ্ছা জনোৱাৰ লগতে মাজুলীৰ সামগ্ৰীক উন্নয়নৰ সম্পৰ্কত অৱগত কৰে ৷
মাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন।