অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত ৰামপুৰত গুলিয়াগুলি।
পূৱাই অৰুণাচলী দুৰ্বৃত্তই অসমৰ ৰামপুৰ বীটৰ বীট অফিচাৰক লক্ষ্য কৰি গুলিয়ায়।
কথমটি প্ৰাণৰক্ষা বীট অফিচাৰ বনমালী নৰহৰ।
ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰত অৰুণাচলী দুৰ্বৃত্তই গছ কটা কাৰ্য্যক বাধা দিবলৈ যাওঁতে এই ঘটনা সংগঠিত হয়।
বন কৰ্মীয়েও প্ৰতুত্তৰত গুলীচালনা কৰাত পলাই যায় দুৰ্বৃত্তৰ দলটো।
ঘটনাস্থলীলৈ লখিমপুৰ বন বিভাগৰ লোক আৰু অসম আৰক্ষী ৰাওনা হৈছে।
উল্লেখযোগ্য যে শনিবাৰে অনুৰূপ ঘটনা ৰঙা সংৰক্ষিত বনাঞ্চলৰ ধেমাগড়ত সংগঠিত হৈছিল।
তাৰ পাছতো জিলা প্ৰশাসনে সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ কৰা নাই।
যাৰ ফলত সীমান্তত বাস কৰা অসমীয়া লোক নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে।
Tags:
Arunachal-news