Share on Facebook

অহাকালি বঙাইগাঁও ত অসম বিধান সভাৰ দ্বিতীয়টো অনুষ্ঠিত হব কেবিনেট বৈঠক

 অহাকালি বঙাইগাঁও ত অসম বিধান সভাৰ দ্বিতীয়টো অনুষ্ঠিত হব কেবিনেট বৈঠক:আৰক্ষী ,সেনা বাহিনীয়ে গঢ়ি তুলিছে ব্যাপক চোকা পহৰা:স্থানীয় ৰাইজৰ মাজত তুমুল উৎসাহ উদীপনা।


 উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ দুৱাৰমুখ ৰাজধানী দিছপুৰত অসম বিধানসভাৰ মন্ত্ৰী মণ্ডল ৰ কেবিনেট বৈঠক যুগ যুগ ধৰি গুৱাহাটী ত অনুষ্ঠিত হৈ অহাৰ বিপৰীতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এক সিদ্ধান্ত মৰ্মে বিভিন্ন জিলাত অনুষ্ঠিত কৰাৰ মূলতঃ প্ৰথম কেবিনেট বৈঠক ধেমাজি জিলাত অনুষ্ঠিত হৈছিল।আৰু দ্বিতীয়তো কেবিনেট বৈঠক অহাকালি বঙাইগাঁও জিলাত অনুষ্ঠিত হব। ইতিমধ্যে সমগ্র জিলাখনত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী মণ্ডলক আদৰণি জনোৱাৰ অৰ্থে সমগ্র জিলাখনত সজাই বঢ়াই তোলা হৈছে ।আৰু যাৱতীয় প্ৰস্তুতিও সম্পূৰ্ণ কৰি তুলিছে। প্ৰাপ্ত বাতৰি মতে প্ৰায় ৫কোটিৰো অধিক ধন ব্যয় কৰি বিভিন্ন বাট -পথ মেৰামতি ,বেৰত চূণ তেল সনাৰ লগতে,বেৰত বিভিন্ন চিত্ৰ সমূহ আঁকি সজাই বঢ়াই তোলা হৈছে।ইফালে অহাকালি অনুষ্ঠিত হবলগীয়া কেবিনেট বৈঠকৰ পূৰ্বে ৰাতিপুৱা ১০ বজাৰ পৰা ১০:৩০বজালৈ লাচিত দিৱস উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত পৰ্যালোচনাৰ বৈঠক অনুষ্ঠিত হব। ৰাতিপুৱা ১০:৩০বজাৰ পৰা ১১বজালৈ ফিলিটেছন প্ৰগ্ৰেম অনুষ্ঠিত হব জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত,দুপৰীয়া ১১বজাৰ পৰা ১২:৩০বজালৈ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাগৃহত  অনুষ্ঠিত হব মন্ত্ৰী মণ্ডলৰ বিশেষ উক্ত বিশেষ কেবিনেট বৈঠকখন।দুপৰীয়া ১২:৩০ বজাৰ পৰা ১বজালৈ অনুষ্ঠিত হব সাংবাদিক মেল । দুপৰীয়া ২:৩০বজাত বঙাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত বীৰ চিলাৰায় বজাৰৰ উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰিব।আবেলি ৩বজাত বীৰঝৰা ছোৱালী হাইস্কুল আৰু বীৰঝৰা লৰাৰ হাইস্কুল দুখন বিদ্যালয় পৰিদৰ্শন কৰিব।আবেলি ৩:৩০বজাত দোলাইগাঁওত অৱস্থিত ৰাজহুৱা মৎস পালন পুখুৰী উদ্বোধন কৰিব। আবেলি ৪বজাত জিলাখনৰ মাজগাওঁ ত অৱস্থিত মেডিকেল কলেজৰ স্থান পৰিদৰ্শন কৰিব।সন্ধিয়া ৫ বজাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো নৱনিৰ্মিত নামনি অসমৰ বঙাইগাঁও চহৰৰ অভাৰব্ৰীজৰ ক্লক টাওৱাৰ উদ্বোধন কৰিব।সন্ধিয়া ৫:৩০বজাত ৰাইজৰ বাবে উসৰ্গিত ৰাজহুৱা একুৰিয়াম গৃহ উদ্বোধন কৰিব।ইয়াৰ পিছত নিশা ৮বজাৰ পৰা ৯বজালৈ স্থানীয় বিভিন্ন দল-সংগঠন,সন্থা, ৰাজহুৱা সমিতি আৰু বিভিন্ন বিশিষ্ট বুদ্ধিজীৱী আৰু নাগৰিক সকলৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিব । নিশা ৯:১৫বজাত বঙাইগাঁওৰ দোলাইগাঁও ত অৱস্থিত বিসৰ্জন ঘাটত নৱনিৰ্মিত ৱাকিংজ'ন মুকলি কৰিব বুলি জানিব দিছে জিলা প্ৰশাসনে ।ইতিমধ্যে কেইবাজনো মন্ত্ৰী আৰু বিধায়ক আহি উপস্থিত হৈছে যদিও আৰক্ষী বাহিনী আৰু সেনা বাহিনীৰ ব্যাপক চোকা পহৰা চহৰখনত গঢ়ি তুলিছে।ইফালে এই কেবিনেট বৈঠক খনকলৈ স্থানীয় জনসাধাৰণৰ মাজত উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে বুলি বাতৰিটোত প্ৰকাশ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post