ৰাজ্য চৰকাৰ তথা অসম বিধানসভাৰ মন্ত্ৰী মণ্ডলৰ বহু চৰ্চিত কেবিনেট বৈঠক আজি নামনি অসমৰ বঙাইগাঁও জিলাত অনুষ্ঠিত হয়। আজি ৰাতিপুৱা ১০বজাত বঙাইগাঁও জিলাৰ উপায়ুক্ত ৰ কাৰ্য্যালয়ত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ত প্ৰথমে মাল্য অৰ্পণ আৰু শ্ৰদ্ধা জনাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হেমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছত সকলো মন্ত্ৰী মণ্ডল আৰু আমোলা বিষয়া নেতা আদি সকলে মাল্য অৰ্পণ কৰে।
পিছত ৰাতিপুৱা ১১ বজাত আৰম্ভ হয় মুখ্যমন্ত্ৰী ডঃ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহু চৰ্চিত কেবিনেট বৈঠক খন । অৱশ্যে উক্ত বৈঠক বহুত দেৰিলৈকে অনুষ্ঠিত হয় যদিও বৈঠকত বঙাইগাঁও জিলাৰ বাবে কোনো ভাল আশানুৰূপ তেনে লাভজনক সিদ্ধান্ত নাহিল ।তৎসতেও নাবাৰ্ডৰ অনুমোদিত ৫৫০কোটি টকা ব্যয় সাপেক্ষে বঙাইগাঁও জিলাৰ মাজগাওঁ ত এক মেডিকেল কলেজ স্থাপন কৰিব।একেদৰে বঙাইগাঁও মহাবিদ্যালয় খন ৫০কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ অনুমোদন জনায়।আৰু বঙাইগাঁও ষ্টেডিয়াম নিৰ্মাণত ২৫কোটি টকা বঙাইগাঁও উপায়ুক্ত কাৰ্য্যালয় নিৰ্মাণত ৫০কোটি টকা অনুমোদন জনায়।মুখ্যটো চাৰিটা দফাৰ অনুমোদন জনায় যদিও এতিয়াৰ পৰা বাহিৰৰ বিমান অসমৰ বিমান বন্দৰত অৱতৰণ কৰিলে ইয়াৰ ভেট পূৰ্বৰ ২৩.৫%ৰপৰা ১%লৈ হ্ৰাস কৰে এই নীতি এতিয়াৰ পৰা অসমৰ সকলো বিমানবন্দৰত প্ৰযোজ্য হব।একেদৰে অসমৰ ৰাইজৰ মাটি দখলদাৰীৰ পত্তা নাথাকিলেও অসমমালা নীতি অনুসৰি চৰকাৰৰ প্ৰয়োজনবোধে ইয়াৰ উচিত মূল্য ধনৰাশি লাভ কৰিব। আজিৰ কেবিনেট সভাই অহা কমাণ্ড নিযুক্তিৰ ক্ষেত্ৰত কেতবোৰ নীতি গ্ৰহণ কৰাৰ মুলতঃ পূৰ্বৰ বয়সৰ নীতিৰ পৰিৱৰ্তে এতিয়াৰে পৰা ১৮-২১বছৰ হব লাগিব।আৰু ইয়াৰ নিযুক্তি ৰ ক্ষেত্ৰত সাক্ষাৎকাৰ ত কিছু কঠোৰ কৰা হৈছে যেনে প্ৰায় সেনা বাহিনীৰ নিযুক্তিৰ সমান কৰা হৈছে।ইফালে এপি এছ চি ৰ নিযুক্তি ৰ ক্ষেত্রত কিছু শিথিলতা আনি মূল ইংৰাজী ৰ পৰিবৰ্তে এতিয়াৰে পৰা স্থানীয় অসমীয়া ভাষা বা জনজাতি ভাষাৰে পৰীক্ষাত বহিব পাৰিব।একমাত্ৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন নাম থাকিব বুলি প্ৰকাশ কৰে।মুখ্যমন্ত্ৰী য়ে সংবাদ মেলত আৰু কয় পোষ্ট গ্ৰেজুয়েট ৰ ক্ষেত্ৰতো চিকিৎসক নিযুক্তিত পূৰ্বৰ পিজি ২৩ তাৰ পৰিৱৰ্তে স্নাতকোত্তৰ হোৱাৰ লগতে ৪০টা লৈ বৃদ্ধি কৰিছে।আজি কেবিনেট ত চহৰবাসীৰ বাবে পূৰ্বৰ দখলি স্বত্ব ৰ পৰিৱৰ্তে এতিয়াৰে পৰা ১০বছৰ দখল থাকিলে পত্তা লাভ কৰিব পাৰিব।আজিৰ সভাই মেডিকেল আৰু ইঞ্জিনিয়াৰিং ৰ নিযুক্তিৰ ক্ষেত্রত যুৱক যুৱতীৰ মাজত উপযুক্ততা নথকাৰ বাবে নিযুক্তিৰ বাবে এক যুৱ আয়োগ গঠন কৰিব আৰু ইয়াৰ সুকীয়া নামাকৰন কৰা হৈছে। উক্ত আয়োগে ১০০জনকৈ প্ৰতিবাৰত বিভিন্ন প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব ইয়াৰ বাবে ৫কোটি টকা নিৰ্ধাৰণ কৰিছে ।
তদুপৰি অসমৰ বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনত ঘুনীয়া বা শ্বহীদ হোৱা পৰিয়ালক সহায় সাহাৰ্য ৰ বাবে ১ট্ৰাষ্ট গঠন কৰিব।আজিৰ কেবিনেটে মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তী পালনৰ বাবে এক বছৰ জোৰা কাৰ্য্যসূচী গ্ৰহন কৰিব। আৰু ৰাজ্যিক কৰ্মচাৰীৰ বাবে এক আঁচনি গ্ৰহণ কৰাৰ মুলতঃ মাক দেউতাক অথবা ,শহুৰ শাহুৰি ৰ সৈতে নিবিড় ভাবে কটাবলৈ অহা ২০২২চনৰ ৬,৭জানুৱাৰী ত দুদিনীয়া ছুটী ৰ ঘোষণা কৰিছে।একেদৰে সত্ৰ নামঘৰ আৰু ৰাজহুৱা অনুষ্ঠান আদিৰ বেদখল ৰোধ কৰাৰ অৰ্থে পৰ্যালোচনা কৰিবলৈ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকাক অধ্যক্ষ হিচাপে লৈ বিধায়ক মৃণাল হাজৰিকা আৰু বিধায়ক ৰূপক শৰ্মাক লৈ ৩জনীয়া এক সমিতি গঠন কৰে ইয়াৰ কাৰ্যকাল হব ১বছৰ ।ইফালে আজি জিলা উপায়ুক্ত ৰ কাৰ্য্যালয়ত কেবিনেট সভা চলি থকাৰ সময়ত নামনি অসমৰ বিভিন্ন সাংবাদিকক প্ৰৱেশ নিষিদ্ধ কৰে এইলৈ সংগঠিত হয় এক হুলস্থূলৰ পৰিৱেশ ।ইয়াৰে মাজতে আকৌ বিভিন্ন জিলাৰ পৰা দল সংগঠন চাকৰি প্ৰাৰ্থী অন্যান্য কাম কাজৰ বাবে আহি গোট খোৱাৰ পিছতো কোনো মন্ত্ৰীয়ে সাক্ষাৎ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া আৰু অভিযোগ উত্থাপিত কৰে।আজি কেবিনেট সভাৰ অন্তত বঙাইগাঁও চহৰত অৱস্থিত বীৰ চিলাৰায় বজাৰখনৰ উন্নীতকৰণৰ এক গৃহ ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।ইয়াৰ পিছতেই ওচৰতে থকা বীৰঝৰা লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন শিক্ষানীতি ৰ আধাৰত নৱ নিৰ্মিত বিদ্যালয় গৃহৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে ।ইয়াৰ পিছতেই বঙাইগাঁও চহৰৰ অভাৰব্ৰীজ ত নৱ নিৰ্মিত ক্লক টাওৱাৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে।ইয়াৰ পৰা তেওঁ যায় দোলাইগাঁওলৈ তাত নৱ নিৰ্মিত ৰাজহুৱা একুৰিয়াম উদ্বোধন কৰে। পিছত তেওঁ চাৰ্কিত হাউচ ত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে বিভিন্ন দল সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী আৰু নাগৰিকৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰে।ইয়াৰ পিছতেই বিসৰ্জন ঘাটত ৱাকিং জন মুকলি কৰে।
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।