গহপুৰৰ বৰতামুলি গাঁও পঞ্চায়তৰ তিনিঘৰীয়া অঞ্চলত আব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰৰ এটা সুঁতি গোন্ধোৱা নৈৰ বুকুত চপৰা চপৰে জাহ গৈছে তিনিঘৰীয়া অঞ্চলৰ ভূ খণ্ড। গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটা আপোন ঘৰখন ভাঙি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ বহু পৰিয়াল। নিজ হাতেৰে নিৰ্মাণ কৰা ঘৰখন নিজ হাতেৰেই ভাঙি ট্ৰেক্টৰেৰে অন্য স্থানলৈ নিবলৈ যুদ্ধকালিন প্ৰচেষ্টা চলাইছে ভূক্তভোগী পৰিয়াল সমূহে।
অঞ্চলটোৰ অন্য বহু পৰিয়ালৰ বাসগৃহৰ পৰা মাত্ৰ ২০/২৫ মিটাৰ দূৰত্বত আছে গৰাখহনীয়া। চৰকাৰে গোন্ধোৱা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা নকৰাৰ ফলশ্ৰুতিত প্ৰতিবছৰেই এইদৰে গৰাখহনীয়া মাটি-ভেটি হেৰুৱাই গৃহহাৰা হৈছে বহু পৰিয়াল। তিনিঘৰীয়া অঞ্চলৰ ৰাইজৰ এনে চৰম দুৰ্যোগৰ সময়তো জাতি, মাটি, ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ গহপুৰৰ বিধায়ক উৎপল বৰাই খবৰ এটাকো লোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে।
গহপৰৰ পৰা মহেন্দ্ৰ ৰ ৰিপৰ্ট মিচিং লুটাদ।