বানাক্ৰান্তক দুৰ্ব্যৱহাৰ কৰা লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল দত্তৰ বিৰুদ্ধে তিনি মিচিং সংগঠনৰ প্ৰবল প্ৰতিবাদ
ঘূণাসুঁতিত বানাক্ৰান্তৰ খবৰ লবলৈ গৈ বানাক্ৰান্তৰ দুখ বোজ লোৱাৰ সলনি চৰিয়াম, চোঁচৰাই লৈ যোৱাৰ ধমকি দিছিল বিধায়ক গৰাকীয়েএই ভিডিঅ'ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে
আজি ঘূণাসুঁতিৰ ঘাগৰ ঘাটত TMPK,MMK,TMMK উৎপল দত্তৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে
বিধায়ক গৰাকীক অতিশীঘ্ৰে বানাক্ৰান্ত ৰাইজক ক্ষমা খোজাৰ দাবী কৰে প্ৰতিবাদকাৰীয়ে
আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ উৎপল দত্তক ৰাইজে দিব বুলি সকীয়াই দিয়ে মিচিং তিনি সংগঠনে
