এক বাস্তৱ কাহিনী ।
আজি লৈ আহিছোঁ আপুনলোকৰ মাজতলৈ মানসিক ভাবে ভাগিপৰা এজন লোক ।
আপুনি চাগে ভাবিছে এইজন পাগল বুলি ।
দিনে ৰাতিয়ে কটাইছে ৰাস্তা ৰাস্তাই , পালে খাই নাপালেও নাখায় ।
মই বহুত ভাগৰুৱা হৈ পৰিছোঁ ।,
মোক অলপ শুব দিয়া
কোনেও আমনি নকৰিব
আছোঁ কোনোমতে জীয়াই
সকলোহে ভাবিছে মই পাগল।
হয় মই সচাকৈ পাগল
কাপোৰ কানি আদি কৰি লেতেৰা এই ভাবে
মই পাগল।
নাই কোনো মোৰ ঘৰ গা ধুবলৈ
ভাত খাবলৈ ।
মুকলি আকাশৰ তলতে আছোঁ
নিশাচৰ মই
মই সকলোৰে লগতে ভাল
দিনত আপোনালোকৰ লগত
ৰাতি কুকুৰ বোৰৰ লগত শুই থাকোঁ।
সচাকৈ মই পাগল নেকি ?
ৰাস্তাৰ আৱৰ্জনাবোৰ পেলনীয়া সামগ্ৰীবোৰ বিচাৰি বুটলি নিজৰ পেট প্ৰৱৰ্তন কৰা এইজনা মানসিকতা দুৰ্বল লোক নাম দুবব্ব টাইদ ।
এইজনৰ ঘৰ ঘূণাসুঁতি 2নং বামুনিজান গাঁৱৰ নিবাসী দিলীপ টাইদ আৰু বুনচুল টাইডৰ জ্যেষ্ঠ পুত্ৰ দুবব্ব টাইদ।
বৰ্তমান লখিমপুৰ জিলাৰ বগীনদীত দিনে ৰাতিয়ে ঘূৰি-ফুৰি থাকে এইজন ।
আমাৰ সাংবাদিক পল্লব মিলি প্ৰশ্ন কৰাত উত্তৰ দিলেও
মোক কিয় কেমেৰা কৰিছে।
মাক বাপেক নথকা ছোৱালীকেইজনী জোকোৱা লৰা বোৰক কেমেৰা কৰা।
মই পিতিম এই লৰবোৰক মদ খাই চিগাৰেড খাই ছোৱালীবোৰক জোকোৱাৰ কাৰণে।
আৰু কলেও মই বটল বুটলি বিক্ৰী কৰো
এনেকৈহে খাই আছোঁ কোনো মতে ।
আপুনি বা আমি ৰাস্তাত পানী খাই ৰাস্তাত পেলাওঁ
আপোনাৰ চিন্তা আৰু এইজনৰ চিন্তা কিমান ভাবি চাওক।
আপোনাৰ মোৰ দৰে এইজন মানুহ , খুজি,মাগি ,মুকলি আশাকৰ তলতে সপোনৰ ঘৰখন যাৰ হয়তো পাবলৈ একো নাই,হেৰুৱাবলৈ একো নাই,
আছে মাথোঁ আপোনাৰ মোৰ দৰে হৃদয় বুজিব পৰা মানুহৰ অকণমান মৰম।
দুবব্ব টাইদৰ আছে সুমধুৰ কন্ঠ
শুনো আমি সুমধুৰ কন্ঠ।