অত্যধিক মদ্যপান কৰাৰ পিছত বন্ধুৱে ছুৰিকাঘাত কৰি পেলাই থৈ গ’ল বন্ধুক
কাজিয়াৰ ফলত মানস নামৰ এজন যুৱকৰ পেটত ইক্ৰাম আলী নামৰ এজন যুৱকে উপৰ্যুপৰি ছুৰিকাঘাত কৰে৷ ছুৰিকাঘাতৰ ফলত গুৰুতৰভাৱে আহত হয় যুৱকজন৷ ঘটনাস্থলীত শিমলুগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনক৷ স্থানীয় লোকে জনায় যে অত্যধিক মদ্যপান কৰাৰ ফলতে এই ঘটনা সংঘটিত হয়। শিৱসাগৰ জিলাৰ শিমলুগুৰিত সোমবাৰে নিশা এই ঘটনা সংঘটিত হয়৷ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল দুহুজন।