মাজুলীৰ বিভিন্ন অঞ্চল এতিয়া আৰছেনিকৰ কবলত ।
সেই অঞ্চলৰ লোকসকল এতিয়া এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত পৰা পৰিলক্ষিত হৈছে । এই পৰিস্থিতিৰ লগত যুজিব পৰাকৈ পকাজৰা পঞ্চায়তে লৈছে এক প্ৰশংসনীয় পদক্ষেপ । তেওঁলোকে ১৪ ফাইনেঞ্চৰ পৰা ১০ লাখ টকা অনুমোদন লৈ গুৱাহাটীৰ লুইত মিনাৰেল কোম্পানীটোক মাজুলীত প্রথমবাৰৰ বাবে ROUB ১৯ টা ফিল্টাৰ যুক্ত মেচিন বহুৱাবলৈ অনুমোদন দিয়ে । ১৬ তাৰিখে মেচিনসহ ঠিকাদাৰ প্রণৱ কলিতা পকাজৰা পঞ্চায়তত উপস্থিত হৈ নিজেই কামৰ চোৱা চিতা কৰি ২১ তাৰিখে কাম শেষ কৰে । ইমান ক্ষীপ্রতাৰে কাম শেষ কৰি সাধাৰণ লোকক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে স্থানীয় ৰাইজে পঞ্চায়তৰ সভাপতি অনন্ত ঙাটে আৰু প্রণৱ কলিতাৰ শলাগ লয় । এই আচনিৰ জৰিয়তে মাজুলীৰ প্রতিখন গাঁওলৈ বজাৰ দামতকৈ কম দামত ২০লিটাৰৰ আছেনিক মুক্ত বিশুদ্ধ খোৱা পানীৰ বটল যোগান ধৰিব । এই আচনিৰ জৰিয়তে মাজুলীৰ সাধাৰণ লোকসকল খোৱা পানীৰ ক্ষেত্রত যথেষ্ট উপকৃত হব বুলি অনুমান কৰিব পৰা হৈছমাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন