Share on Facebook

মাজুলীত মুখ্যমন্ত্ৰী সোণোৱাল ,আধাৰশিলা স্থাপন কৰিলে ৩খন বিদ্যালয়ৰ খেলপথাৰ উন্নয়ন আঁচনিৰ:


 

মাজুলীত উপস্থিত হয় মাজুলী বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নামনি মাজুলীত এক সভাত অংশ গ্ৰহণ কৰি বিয়লি ৩-১৫ বজাত  মধ্য মাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন এক চৰকাৰী কাৰ্সূচীতো অংশগ্ৰহণ কৰে। 

পোন প্ৰথমে বিদ্যালয় খনৰ সন্মুখত থকা শ্বহীদ বেদিত বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।শিক্ষানুষ্ঠানখনত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সোণোৱালে বন্তি প্ৰজ্বলন কৰি  মধ্য মাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰতনপুৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু চেলেক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ উন্নয়নৰ তিনিখন সুকীয়া আঁচনিৰ প্ৰতীকী ফলক  আনুষ্ঠানিক ভাৱে উন্মোচন কৰে।

 এই তিনিওখন বিদ্যালয়ৰ খেলপথাৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে আগঢ়োৱা ২০ লাখ টকাকৈ অনুদানৰ আৱণ্টন পত্ৰও শিক্ষানুষ্ঠান কেইখনৰ কৰ্তৃপক্ষৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 তদুপৰি, এই অনুষ্ঠানতে মাজুলী সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প (আইটিডিপি)ৰ দ্বাৰা ২০১৯-২০ বৰ্ষৰ অনুসূচীত জনজাতীয় লোকলৈ বিশেষ এককালীন অনুদান আঁচনিৰ অধীনত বাচনি কৰা ব্যক্তিগত হিতাধিকাৰীলৈ পাৱাৰটিলাৰ, টিনপাত আৰু সৌৰচাকি বিতৰণ প্ৰক্ৰিয়াও আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

মাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post