২৩ বছৰীয়া সৌৰভ মণ্ডল নামৰ যুৱকজনে ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷
কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সৌৰভে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি সুধাকষ্ঠ ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি ব্যক্তিৰ ছবি আঁকিবলৈ সক্ষম হৈছে৷
বাসুগাঁৱৰ সৌৰভ মণ্ডলে হাতৰ সলনি মুখৰে আঁকিছে ইখনৰ পিছত সিখন ছবি৷ মুখত তুলিকা লৈ ওলোটাকৈ সৌৰভে আকি গৈছে বৰণ্য ব্যক্তিৰ ছবি৷ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সৌৰভে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি সুধাকষ্ঠ ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি ব্যক্তিৰ ছবি আঁকিবলৈ সক্ষম হৈছে৷ এইদৰে ব্যতিক্ৰমীভাৱে চিত্ৰ অংকন কৰোতে সৌৰভক মাত্ৰ আঠৰ পৰা দহ মিনিট সময়হে প্ৰয়োজন হয়৷