লাইকা দধিয়া বাসীয়ে DIGITAL ইণ্ডিয়াৰ D টো দেখা পোৱা নাই আজিলৈকে আৰু দুখীয়া ৰাইজৰ উন্নয়নৰ বাবে চৰকাৰে দিয়া আঁচনিৰ এটা আঁচনিৰ গোন্ধ আজি পৰ্যন্ত পোৱা নাই।
মুখ্যমন্ত্ৰী গৃহ সমষ্ট্ৰিত লাইকা দধিয়াবাসী ৰাইজে-ডিজিতেল ইণ্ডিয়াৰ দিনতো নাই, 'প্ৰধান মন্ত্ৰী আৱাস যোজনা'ঘৰ লেটিন,স্কুল, মেডিকেল,যাতায়ত,নেৰ্টৱক,খোৱাপানী নোহোৱা এখন গাঁও-লাইকা দধিয়া বনগাঁও।
ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। 1950 চনৰ পৰা বসবাস কৰা-লাইকা দধিয়াবাসী ৰাইজে নাম মাএে মানুহবোৰ জীয়াই আছে- 70 বছৰ অতিক্ৰম হ'ল-কোনো চৰকাৰী আচঁনী ঢুকি নাপালে লাইকা অঞ্চলত।
এবছৰত 6 মাহে বানপানীত ক'ক-বকাই থাকিব লগা হয়-লাইকা দধিয়া মানুহবোৰ।
বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা-ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা লাইকা দধিয়া 2000 টা পৰিয়াল।
জনসংখ্যা হিচাপে-12000 হাজাৰ।অকল নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহি ভোট ভিক্ষা কৰে।তাৰ পাছত প্ৰতিশ্ৰুতি পাহৰি যায়।
এজিপি, বিজেপি,কংগ্ৰেছ কোনো চৰকাৰেই লাইকা দধিয়া ৰাইজক সুৰক্ষিত দিব নোৱাৰিলে।লাইকা দধিয়া মানুহবোৰৰ যাতায়তৰ কথা শুনিলে আপুনি আঁচৰিত হ'ব।
ডাক্তৰ ওচৰত বা বজাৰলৈ যাবলগীয়া হলে -15 কিলোমিটাৰ খোজ কাঢ়ি যাব লগীয়া হয়।তেতিয়া সময় লাগে-4 ঘণ্টা আৰু টুলুঙা নাঁও বা মেচিন নাঁওত গলে-5 ঘণ্টা সময় লাগে।
তেতিয়া বাছিব লগীয়া মানুহও মৃত্যু। প্ৰায় 20 জনী মহিলাই চিকিৎসা বা সময়ত ডাক্তৰ ওচৰত গৈ নোপোৱাত মৃত্যু মুখত পৰিব লগা হৈছে।
ডিব্ৰু ছৈখোৱাৰ পৰা -এপিঅ টাইদৰ ৰিৰ্পোট-মিছিং লুটাদ।