ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান। সোমবাৰে শেষনিশ্বাস ত্যাগ কৰে মুখাৰ্জীয়ে।
মৃত্যুৰ সময়ত প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ বয়স আছিল ৮৪বছৰ। ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্রপতি আছিল প্ৰণৱ মুখাৰ্জী। ২০১২ চনৰ পৰা ২০১৭ চনলৈ ৰাষ্ট্রপতিৰ আসন অলংকৃত কৰিছিল মুখাৰ্জীয়ে।
ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০০৮ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত ভাৰতৰত্ন সন্মান প্ৰদান কৰে।
১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল মুখাৰ্জীয়ে। প্ৰায় পাঁচ দশকৰো অধিক কাল ৰাজনীতিৰ সৈতে জড়িত আছিল মুখাৰ্জী।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কেইবাবাৰো লাভ কৰিছিল মন্ত্ৰিত্ব। ২০০৯ৰ পৰা ২০১২ চনলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মুখাৰ্জীয়ে।
কংগ্ৰেছৰ এজন শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা আছিল মুখাৰ্জী। ২০১৯ চনত মুখাৰ্জীয়ে লাভ কৰিছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন লাভ কৰিছিল।
ভাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰ যোগে গভীৰ শোক প্ৰকাশ কৰে।
India grieves the passing away of Bharat Ratna Shri Pranab Mukherjee. He has left an indelible mark on the development trajectory of our nation. A scholar par excellence, a towering statesman, he was admired across the political spectrum and by all sections of society. pic.twitter.com/gz6rwQbxi6
— Narendra Modi (@narendramodi) August 31, 2020