এগৰাকী বিশেষ সক্ষম নাৰী তেওঁৰ আছে বিভিন্ন দিশত প্ৰতিভা শাৰীৰিক ভাৱে সক্ষম হৈয়ো জীৱনৰ প্ৰতিটো ক্ষণ তেওঁ জীৱন যুজঁৰ সৈতে সং সাহসেৰে যুজি গৈছে ৷
দৰিদ্রতাই কোঙা কৰা পৰিয়ালটোক এতিয়া লাগে মহানজনৰ সহায়ৰ হাত ৷
জীৱনৰ প্ৰতিটো ঘাত-প্রতিঘাত শিৰত লৈ সমানেই কবিতা চৰ্চা কৰি গৈছে তেওঁ ৷য়াৰ প্ৰতিভা দেখিলে সকলোৱে শলাগ লব লাগিব৷ নাম বৈজ্যন্তী নৰহ ৷
এই গৰাকী প্ৰতিভাশালী বৈজ্যন্তী নৰহৰ ঘৰ হৈছে ঢকুৱাখনাৰ সোৱণশিৰি চোমনি মেদক গাঁৱত ৷
এখন পজা ঘৰত থাকি দিনে- ৰাতিয়ে কবিতা লিখি গৈছে তেওঁ ৷
দিন হাজিৰা কৰা পৰিয়ালটোত আৰ্থিকভাৱে টনকিয়াল নোহোৱাৰ বাবে ২০০ টাতকৈ অধিক কবিতা লিখি ও প্রকাশৰ মুখ দেখা নাই ৷
নাই কোনো চৰকাৰ-প্রশাসনৰ সহায়ৰ হাত৷ এইখন ঘৰতে তেওঁ নিতৌ কৰি গৈছে সাহিত্য চৰ্চা৷
এইগৰাকী প্ৰতিভাশালী বৈজ্যন্তী নৰহৰ ওপৰত আমাৰ গোগামুখৰ সংবাদ দাতা........ যুণ্ডত কৰা এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ.......৷
এতিয়া এইগৰাকী প্ৰতিভাশালী বৈজ্যন্তী নৰহৰ সুপ্ত প্ৰতিভা ক বিকশিত কৰিবলৈ লাগে মাথো সু-হ্নদয়ৱান ব্যঞ্জক্তি, বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় বিধায়ক মহোদয় ৰ সহায় আৰু প্রেৰণা৷ যাৰ প্রেৰণাই জীপাল কৰি তুলিব অসমীয়া ভাষা সাহিত্যৰ লগতে তেওঁৰ প্ৰতিভা ৷
গোগামুখৰ পৰা প্ৰমোদ টাইদ প্ৰতিবেদন মিচিং লুটাদ