Share on Facebook

বিত্তমন্ত্ৰীয়ে ক'লে- “২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অৰুণোদয় আঁচনি আৰু প্ৰথম কিস্তিৰ ধন পাব দুই নৱেম্বৰত৷”

 

বিত্তমন্ত্ৰীয়ে ক'লে- ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অৰুণোদয় আঁচনি আৰু প্ৰথম কিস্তিৰ ধন পাব দুই নৱেম্বৰত৷



অৰুণোদয় আঁচনিৰ ধন কোনে কোনে পাব আৰু কেতিয়াৰ পৰা পাব? মঙলবাৰে অসম বিধানসভাৰ মজিয়াত জনালে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷


বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আঁচনিখনক ধ্বজাবাহী আখ্যা দিয়ে, লগতে মন্ত্ৰী ডঃ শৰ্মাই ক'লে- “আঁচনিৰ ধন পাব বিধৱা, অবিবাহিতা যুৱতী, স্বামীগৃহ ত্যাগ কৰা মহিলা আৰু দিব্যাংগই৷”


ইয়াৰ লগতে অহা বিহুৰ সময়ত এহেজাৰ টকা, বানপানীৰ সময়ত এহেজাৰ, পূজাৰ সময়ত এহেজাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ এডমিচনৰ সময়ত এহেজাৰকৈ টকা বেছিকৈ পাব হিতাধিকাৰীয়ে৷ অৱশ্যে BTCত নিৰ্বাচনী আচৰণ বিধি চলি আছে, সেয়ে BTCত এই আঁচনি ৰূপায়ণ কৰিব পৰা নাযাব বুলি সদনত সদৰি কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷


অৱশ্যে পৰিয়ালত চৰকাৰী চাকৰি থাকিলে, টেক্টৰ থাকিলে, বাৰ্ষিক উপাৰ্জন দুই লাখৰ বেছি হ'লে নাপাব অৰুণোদয় আঁচনিৰ ধন৷


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post