লখিমপুৰ জিলাত দলং নিৰ্মাণক লৈ ৰাইজৰ প্ৰতিবাদ।
লখিমপুৰৰ বগীনদীত গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰা দলঙক লৈ ৰাইজৰ প্ৰতিবাদ।
গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে ঘাগৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙক লৈ শতাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ।
ঘাগৰ নদীৰ পাৰত সমবেত হৈ ১০ খনতকৈ অধিক গাঁৱৰ ৰাইজে , ঘাগৰ নদীৰ দলং বহল কৰি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ এই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদৰ সময়ত অসম চৰকাৰ আৰু গড়কাপ্তানি বিভাগৰ বিৰূদ্ধে ক্ষোভ উজাৰি শ্ল'গান দিয়ে প্ৰতিবাদী ৰাইজে।
প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত লখিমপুৰ জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঐতিহাসিক পদুমনি আইথানৰ সমীপৰ পৰা ২নং কাতৰি চাপৰিলৈ যোৱা প্ৰায় চাৰি কি.মি.পকী পথত নিৰ্মাণ কৰা হৈছে পকী দলঙখন।
পথটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা , পৰিতাপৰ বিষয় যে আজি পৰ্যন্ত পথটো ঠিকাদাৰৰ হেমাহিৰ বাবে সম্পূৰ্ণ হৈ নুঠিল ।
ইয়াকে লৈ স্থানীয় ৰাইজে ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে
তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
পল্লব মিলি/লখিমপুৰ