জুই নিৰ্বাপনত ব্যৰ্থ নেকি ৰাজ্য চৰকাৰ৷ অসম বিধানসভাৰ মজিয়াত প্ৰশ্ন বিধায়ক দুৰ্গা ভূমিজৰ৷ একে সময়তে বাঘজানৰ ঘটনাত ক্ষতিগ্ৰস্ত বহু পৰিয়াল তথা লোকে আজিলৈ ক্ষতিপূৰণ নোপোৱাৰো অভিযোগ৷
জুই নিৰ্বাপনত ব্যৰ্থ নেকি ৰাজ্য চৰকাৰ৷ অসম বিধানসভাৰ মজিয়াত প্ৰশ্ন বিধায়ক দুৰ্গা ভূমিজৰদূৰ্গা ভূমিজৰ এই অভিযোগৰ বিপৰীতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা – বাঘজানত ঘৰ–বাৰী ভস্মীভূত হোৱা ২০টা পৰিয়ালক ২০ লক্ষ টকা প্ৰদান কৰা হৈছে৷ ক্ষতিগ্ৰস্ত ১৪৮৪টা পৰিয়ালক ৩০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিছে৷
এয়াই নহয় জিলা উপায়ুক্তৰ তদন্ত কৰি পোৱা তথ্যৰ ভিত্তিত ৫৭টাতকৈ অধিক ক্ষতিগ্ৰস্ত পৰিয়াল চিনাক্ত কৰা হৈছে৷ যিকেইটা পৰিয়ালক আকৌ ১০ লাখ টকাকৈ প্ৰদানৰ আশ্বাস দিয়া হৈছে৷
আঢ়ৈ মাহ পিছত অসমলৈ আহিব জুই নিৰ্বাপনৰ বাবে কানাডাৰ এটা বিশেষজ্ঞৰ দল৷ অসম বিধানসভাৰ মজিয়াত এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ৷ সেয়ে কানাডাৰ বিশেষজ্ঞ দলটোৰ আশাত এতিয়া ৰাজ্য চৰকাৰ৷
প্ৰায় ১০০টা দিন সম্পন্ন দিশে বাঘজানৰ জুই৷ তাৰ পিছতো আজি পৰ্যন্ত নিৰ্বাপিত নহয় তৈলখাদৰ জুই৷ কাৰ ভুলৰ বাবে বাঘজানত সংঘটিত হৈছিল বিধ্বংসী অগ্নিকাণ্ড৷
দোষী প্ৰমাণিত হ’লে উপযুক্ত শাস্তি প্ৰদান কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য চন্দ্ৰমোহন পাটোবাৰীৰ৷ জ্বলিয়ে থাকিব নেকি বাঘজানৰ জুই?