গড়মূৰ তিনিআলিট এই দৃশ্য।
এফালে পেটৰ বিষ আৰু জ্বৰ ৰ যন্ত্ৰনাত চটফটাই থকা এগৰাকী মহিলা ৰোগী আৰু আনফালে গড়মূৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই টানি আজুৰি ৰোগীক আৰক্ষী থানা লৈ নিয়াৰ চেষ্টা।
মাজুলীৰ গড়মূৰ তিনিআলিৰ দৃশ্য এইয়া।
এফালে এগৰাকী ৰোগীৰ চিটকাৰ
আৰু আনফালে গড়মূৰ থানাৰ আৰক্ষী বিষয়া জ্যোতিৰ্ময় গায়ন।
ৰোগীৰ লগতে স্বামীক টানি আজুৰি থানালৈ নিয়াৰ চেষ্টা।
ঘটনা অনুসৰি পুৱা গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ত স্বামী লগত আহিছিল ৰেখা দাস নামৰ মহিলা গৰাকী।
পেটৰ বিষ আৰু জ্বৰ ত আক্ৰান্ত ৰোগী গৰাকীৰ স্বামীয়ে মটৰ চাইকেলখন নিৰ্দিষ্ট স্বানত নৰখো ৱাৰ বাবেই অভদ্ৰ আচৰণ কৰে আৰক্ষীয়ে।
কেৱল সিমানেই নহয় ৰোগীৰ পেচকিপচন খনো ফালি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে।
কিন্তু কিমান যুক্তি সংগত এনেদৰে বিষত চটফটাই থকা এগৰাকী ৰোগীৰ ওপৰত এনেদৰে বীৰত্ব প্ৰদৰ্শন কৰা।
ৰাজপথত এনে দৃশই সকলো প্রত্যক্ষ দৰ্শক হতভম্ব কৰি তুলিছে।
মাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন।