Share on Facebook

ঘূণাসুঁতিত ঘোঁৰা গাড়ীতে মহিলাৰ অকাল মৃত্যু

 ঐতিহাসিক পটভূমিত অকণমান হলে ঠাই পোৱা ঘূণাসুঁতি অসমৰ প্ৰায় পৰিচিত, কিন্তু এই পৰিচয় যেন দিনক দিনে  নাইকিয়া হব লৈছে যেন লাগিছে। কিয়নো বুলি কলে আজি ভাৰত স্বাধীন হোৱা 73 বছৰ পাৰ হৈ গল কিন্ত আজিও না মেডিকেল সুবিধা পালে, না যাতায়তৰ সুবিধা পালে, না ভাল এখন শিক্ষানুষ্ঠান আছে। 


 যোৱাকালি 27.09.2020 তাৰিখে সময়ত উপযুক্ত চিকিৎসা সেৱা নোপোৱা কাৰণে যাকাচি মিলি বাইদেউ অকাল মৃত্যুক সাৱটি লবলগীয়া হল। আজিও সোৱনশিৰি নদীখন দুটাকৈ ঘাট পাৰ কৰি আহিব লগীয়া হয়। ৰাষ্টা পদূলি নোহোৱাত বস্তু কঢ়িওৱা ঘোঁৰা গাড়ীত বেমাৰী মানুহক বা গৰ্ভৱতী মহিলাক নিবলগীয়া হোৱাটো কালিৰ ঘটনাটো প্ৰথম নহয়। আজি 70 টা বছৰ এনেকৈ পাৰ কৰিলে। আমাৰ মিচিং লুটাদ কেমেৰাত এনে বহু দৃশ্য বন্দী হৈ আছে। এই ঘূণাসুঁতি অঞ্চলৰ পৰা বহু জ্ঞানী গুণী ব্যক্তি, বিভিন্ন বিভাগত উচ্চ পদস্ত বিষয়া ওলাই গল, আজি লৈকে এজনো ঘূৰি নাহিলেগে গাঁও খনলৈ! আহিবগে কিয়নো না মেডিকেল সুবিধা, না যাতায়ত ব্যৱস্থা, গতিকে কোনো এজন স্বাৱলম্বী ব্যক্তিয়ে নিজৰ লৰা ছোৱালীক ঘূণাসুঁতিত বাস কৰিবলৈ বা পঢ়া শুনা কৰিব নিবিচৰাটো স্বাভাৱিক। সেয়েহে এতিয়া ঘূণাসুঁতিৰ পৰিচয় হেৰুৱাব লৈছে, গঢ়া খহনিয়াৰ সমস্যাৰ বাবে প্ৰতি বছৰে শ শ বিঘা মাটি সোৱনশিৰিৰ বুকুত জাহ যায়। এনে অৱস্থাত এনে লাগে এদিন চিন্ন-বিছিন্ন হৈ ৰব। যি চৰকাৰে নহওক আজিলৈকে বিশেষ একো ফল ধৰা দেখা নাপালোঁ, আৰু কিমান দিন, আৰু কিমান বছৰ ভুগিব লাগিব ঘূণাসুঁতি বাসী ৰাইজে নিজৰ প্ৰাপ্য অধিকাৰ, নিম্নতম সুবিধাৰ পোৱাৰ পৰা। আৰু কিমান যাকাচি নিচিনা চিকিৎসা সেৱা নোপোৱাত নদীৰ ঘাটতে লক্ষীমপুৰ গৈ নাপাওঁতে জীৱন হেৰুৱাব। আৰু কিমান জনী সন্তান প্ৰসৱ দিবলৈ ডক্টৰ বিচাৰি নাপাই ঘোঁৰা গাড়ীৰে নদীৰ গঢ়াই গঢ়াই নদীখন পাৰ কৰিব বিচাৰোঁতে নদীৰ বুকুতে সন্তান জন্ম দিব লগীয়া হব। 





গতিকে ঘূণাসুঁতিৰ সমস্যাৰ কথা কলে শেষ নাই, তথাপিও যাতায়ত ব্যৱস্থা, মেডিকেলৰ কিছু ব্যৱস্থা যদি চৰকাৰে লওঁ বুলি ভাবে বা সঁচাকৈ ঘূণাসুঁতিৰ পৰিচয় ভৱিষ্যতে জীয়াই ৰাখিব বিচাৰে, ব্যৱস্থা কৰি দিয়াটো দস্তুমত চৰকাৰৰ দায়িত্ব। কম চে কম সোৱনশিৰি নদীত দলংখন আৰু মেডিকেলৰ সুবিধাটো। আৰু বেছি আশা কৰা মানে সপোনৰ বছৰ বছৰ বছৰ......

ডেস্ক Report মিচিং লুটাদ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post