ঢকুৱাখনাৰ ঘিলামৰাৰ চামপৰা গাঁৱত বিদ্যুৎ বিভাগে সংঘটিত কৰিছে আজৱ কাণ্ড।
কাৰণ ঘিলামৰা উপসংমণ্ডলৰ অধীনস্থ চামপৰা গাঁৱত বহুসংখ্যক দৰিদ্ৰ পৰিয়ালত এমাহৰ বিল দেখি হতবাক হৈছে গাঁৱৰ ৰাইজ।
এমাহৰ বিল উঠিছে ৭ হাজাৰ টকাৰ পৰা এক লাখ পৰ্যন্ত।
বিদ্যুৎ বিভাগৰ এই আজৱ আৰু দায়িত্বজ্ঞানহীন কাণ্ডত আজি গাঁওবাসীয়ে হাতে হাতে বিদ্যুতৰ কাগজ লৈ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
অতি সোনকালে বিদ্যুতৰ পৰিমাণ সঠিকভাৱে অহাৰ ব্যৱস্থা কৰিবলৈ সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰিছে ভোক্তভোগীয়ে।
ঢকুৱাখনা/ পুলিন পেগু