মাজুলী মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থা সমূহে কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনবিৰোধী নীতিৰে ক্ৰমে
*The Essential Commodities (Amendment) Bill, 2020*,
*The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020*
আৰু
*The Farmers' Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020*
শীৰ্ষক অনিষ্টকাৰী বিধেয়ক জাপি দিব খোজাৰ প্ৰতিবাদত বিধেয়ক তিনিখনৰ প্ৰতিলিপি ৰাজহুৱা স্থানত দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ মাজুলী মহকুমা ছাত্র সন্থাৰ অন্তৰ্গত ফুলনি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিগন্ত বৰুৱা সম্পাদক মনটো গায়ন, গেজাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দুলু চুতীয়া, সম্পাদক দেউজান মিলি, ভকাটিদুৱাৰ আঞ্চলিক ছাত্র সন্থাৰ সভ্যপতি দীপক টায়ে, সম্পাদক বিমান বৰাৰ নেতৃত্বত হোৱা প্ৰতিবাদ সমৰ্থক সকলে চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ মুখৰ হৈ পৰে । কৃষিখণ্ডক এচাম পুঁজিপতিৰ হাতত গতাইদি চহা কৃষকক ভাতে মৰাৰ যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব বুলি ছাত্র সন্থাই চৰকাৰক সকীয়াই দিয়ে ।৷ মাজুলীৰ পৰা লোকনাথ নৰহ ৰিপোৰ্ট