নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰেখনে বৰ্তমান সাধাৰণ কৃষৰ বিৰুদ্ধে কেন্দ্ৰত গ্ৰহণ কৰা কৃষি আচনিখনৰ বিৰুদ্ধে ধেমাজি জিলাৰ গোগামুখ নগৰৰ মাজমজীয়াত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰতিবাদ সাব্যস্ত কৰে।
কৃষক সকলৰ ভবিষ্যত সুনিশ্চিত নকৰাকৈ কেন্দ্ৰই যি তিনিখন আইন কৃষৰ ওপৰত জাপি দিছে এই তিনিখন আইন বাতিল নকৰা পৰ্যন্ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই অৱিৰতভাৱে আন্দোলন কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক।কৃষকে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি উৎপাদিত ফচলসমূহৰ সঠিক মূল্যৰ বজাৰ দিয়াৰ পৰিৱৰ্তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে কৃষকৰ ওপৰত মাদমাৰ চলাব বিচৰা কাৰ্যক মানি লোৱা নহব বুলি সকীয়াই প্ৰদান কৰে।
গোগামুখৰ পৰা প্ৰমোদ টাইদৰ প্ৰতিবেদন, মিচিং লুটাদ