মিচিং সাংস্কৃতিক দিশটোক আগুৱাই নিয়াৰ লক্ষ্যৰে গোলাঘাটত জন্ম লাভ কৰা সাংস্কৃতিক গোষ্ঠী 'লাগজুন' ৰ উদ্যোগত নিৰ্মাণ কৰা আয়াদে শীৰ্ষক গীতৰ এটা ভিডিঅ আজি গোলাঘাটত শুভ মুক্তি লাভ কৰে।
গোলাঘাটৰ বিষ্ণুপুৰ মিছং হাউচত আয়োজন কৰা এক আৰম্ভপূৰ্ণ অনুষ্ঠানৰ মাজত প্ৰযোজক ৰিতুল মেদকৰ ব্যৱস্থাপনাত আৰু ৰাজীৱ টাইদৰ পৰিচালনাত নিৰ্মিত 'আয়াদে' শীৰ্ষক মিচিং গীতৰ ভিডিঅ'টিক আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট সাংবাদিক তথা সাংস্কৃতিককর্মী পৱন কামানে।
শুভ মুক্তি অনুষ্ঠানত ভিডিঅ গীতটিৰ মূল নায়ক পবিত্ৰ প্ৰিয়ম আৰু নায়িকা ঋষিকন্যাই কেক্ কাটি শ্ৰোতা-দৰ্শকৰ আশীষ আৰু গঠন মূলক পৰামৰ্শ বিচাৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰবীণ সমাজকর্মী গোপাল মিলি,অধিবক্তা চুনীল ৰেগন, শিল্পী হৃদয় প্ৰীতম "নদী আৰু নাৰী"ৰ স্বত্বাধিকাৰ ৰোনাল্ড' টাইদকে ধৰি লাগজুন গোষ্ঠীৰ বিষয়ববীয়াসকলে উপস্থিত থাকে। গীতটি লাগজুন গোষ্ঠীৰ Face Book পেজ আৰু youtube chenel 'Lagjun Entertainment ত উপলব্ধ হ'ব বুলি লাগজুন গোষ্ঠীয়ে জনাইছে।
বলোৰাম কামান ,মিছিং লোতাদ ,মহুৰামুখ৷


