মিচিং ভাষাৰ উত্তৰণ আৰু যুৱচামক মিচিং ভাষা চৰ্চাত উৎসাহিত কৰাৰ উদেশ্যত প্ৰকাশ হোৱা "জিলি:"ই-আলোচনীৰ শাৰদীয় বিশেষ ,আজিৰ শুভক্ষনত প্ৰকাশ কৰিবলৈ ওলাইছে।
প্ৰায় ৮০% যুৱ লিখকেৰে সমৃদ্ধ,দীঘল গল্প,চুটি গল্প,অণু গল্প,অনুবাদ গল্প,লেকে দ:য়ৃং আৰু প্ৰৱন্ধ সৃষ্টি কৰা লেখক সকলৰ ভিতৰত আছে,ড° অভিজিৎ পায়েং,গোলাপ বড়ি,যোগেশ্বৰ লাগাচু,মনোজ লাগাচু,মনোৰঞ্জন কুলি, চিত্ৰজিৎ পেগু,দেবানন্দ পেগু,অমিলতা মিলি টায়ে,বীনাপানী পেগু মিলি,মহেন্দ্ৰনাথ চিন্তে,পি কে পায়েং,অনুজ য়েইন,কনক চন্দ্ৰ দলে,নিৰ্মল নৰহ,জয়ন্ত কামান,ড° ঘনকান্ত দলে, চেনিৰাম পাংগিং, ভাগ্যেশ্বৰ পগাক, খগেন পেগু,কালিনাথ পাংগিং আৰু তুলসীৰাম পাংগিং।
ইয়াৰ লগতে ৱৰ্লড বুক অপ টেলেণ্ট ৰেকৰ্ড প্ৰমান পত্ৰ পোৱা শিশু কবি শ্ৰীমতী সৃষ্টিৰাণী টাইদৰ লগত কথোপকথন। নতুনকৈ সংযোজন কৰা সম্পাদনা সমিতিৰ হৈ গোলাপ বড়িৰ দ্বাৰা সংগৃহীত " মিচিং গমনু জানো আহ'ক" নামৰ সংযোজনটি নতুন চামৰ বাবে বৰ উপকৃত হ'ব বুলি আশা কৰা হৈছে।
মিচিং ভাষা জীয়াই ৰখাৰ স্বাৰ্থত "জিলি: আলোচনীক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে সকলোৱে সহযোগিতা কৰিবলৈ সম্পাদনা সমিতি ফালৰ পৰা অনুৰোধ জনালোঁ।
তলৰ লিংকটো খুলি আলোচনীখন পঢ়ি ভুলবোৰ আঙুলিয়াই দিয়াৰ লগতে লিংকটো শ্বেয়াৰ কৰি সকলো মিচিং ভাষাৰ প্ৰতি ভাল পোৱা সকলক পঢ়িবলৈ সুবিধা দিব বুলি আশা কৰিছে।
IF YOU WANT TO READ ONLINE CLICK THE LINK:
http://www.gampegu.in/2020/10/jili-e-lusargene-birdug-lenteg-lennam.html
MISING LUTAD REPORT.
