শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷ ধেমাজিৰ গোগামুখত আছু-যুৱ ছাত্ৰ পৰিষদৰ এন এইচ পি চিৰ গেৰুকামুখ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী অৱৰোধ কাৰ্যসূচী৷
১৯ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ তিনিদিনীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠন দুটাই৷ সোমবাৰৰ পুৱাৰে পৰা শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷ এন এইচ পি চি গ’বেক, বৃহৎ নদীবান্ধ আমাক নালাগে, অসম চৰকাৰ হায় হায়, বান্ধ লবী হুচিয়াৰ আদি ধ্বনিৰে আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে উত্তাল কৰি তোলে গেৰুকামুখ পথ৷