Share on Facebook

দলং কেতিয়া আৰম্ভ হব? দলং ৰ কাম কেতিয়া শেষ হব? মুখ্যমন্ত্ৰী ৰ পৰা তাৰিখ বিছাৰিলে ড' সমুজ্জ্বল ভট্ৰাচাৰ্যই

 



 দলং কেতিয়া আৰম্ভ হব?


দলং ৰ কাম কেতিয়া শেষ হব?


মুখ্য মন্ত্ৰী ক তাৰিখ বিছাৰিলে  ড' সমুজ্জ্বল ভট্ৰাচাৰ্যই




 মাজুলী সুৰক্ষাৰ কৰ্মসূছীও বিছাৰিলে সোণোৱালৰ পৰা


মাজুলীৰ আছু অধিৱেশনত ড' সমুজ্জ্বল ভট্ৰাচাৰ্য


আজিৰে পৰা জিলা হল মাজুলী আছুৰ




শণিবাৰে   মাজুলীৰ কমলাবাৰীত অনুষ্ঠিত হয় সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ দ্বাদৰ্শ আৰু মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰথম খন অধিৱেশন৷ পুৱাৰ ভাগতে অধিৱেশন স্থলীত উপস্থিত হয় আছুৰ উপদেষ্টা ড' সমুজ্জ্বল কুমাৰ ভট্ৰাচাৰ্য ৷ কমলাবাৰী নগৰৰ পৰা ছাত্ৰ নেতা গৰাকীক আদৰি আনে গায়ন বায়ন আৰু সত্ৰভূমিৰ কৃষ্টি সংস্কৃতিৰে৷



  স্বহীদ তৰ্পন কৰি মুকলি অধিৱেশনত  সত্ৰাধিকাৰ ড' পীতাম্বৰ দেৱ গোস্বামীৰ সৈতে ভাগ লৈ ছাত্ৰ নেতা গৰাকী়য়ে ৷ 



যোৰহাট -মাজুলী সংযোগী দলং ক লৈ ছাত্ৰ নেতাগৰাকীয়ে সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাই কয় যে দলংৰ কাম কেতিয়া হব?কেতিয়া শেষ হব?


 ইয়াৰ তাৰিখ নিদিষ্ট কৰি দিব লাগে ৷ ইফালে মাজুলীৰ ভৌগোলিক সুৰক্ষা দিব নোৱাৰা সোণোৱাল চৰকাৰক সমালোচনা কৰি কয় যে "মাজুলী সুৰক্ষা কেতিয়া হব? মাজুলী সুৰক্ষাৰ কৰ্মসূছী খন দিয়ক৷" মাজুলীৰ চিকিৎসা ব্যৱস্থা ক লৈয়ো চৰকাৰক সমালোচনা কৰিলে আছু নেতা গৰাকী়য়ে৷ 

ইপিনে সুদীৰ্ঘ কাল যোৰহাটৰ অংশ হৈ থকা মাজুলী মহকুমা ছাত্ৰ সন্থা আজিৰে পৰা সুকীয়াকৈ জিলা হোৱাত গৌৰৱ কৰে ছাত্ৰ নেতা গৰাকীয়ে৷ 




উল্লেখ্য যে আজি অনুষ্ঠিত অধিৱেশনত যোৰহাট মাজুলী ৰ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে৷  নিশালৈ যোৰহাট জিলা নতুনকৈ গঠন হব আৰু মাজুলী জিলা প্ৰথম বাৰৰ বাবে গঠন হব৷

বিশেষকৈ মাজুলী জিলা আছু গঠনক লৈ বিশেষ চৰ্চা চলিছে ছাত্ৰ সমাজৰ মাজত  ৷ 


কোন হব সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ  প্ৰথম সভাপতি সম্পাদক৷  


ইয়াৰ ওপৰি কেইবাজনো বৰ্তমানৰ নেত্ৰীত্বত থকা ছাত্ৰ নেতাৰ নামো চৰ্চিত হৈছে৷ নিশাহে এই ফলাফল স্পষ্ট হব৷ প্ৰথম বাৰৰ বাবে কোন হব সভাপতি কোন হব সম্পাদক!


মাজুলী পৰা লোকনাথ নৰহ প্ৰতিবেদন Mising Lutad

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post