ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ঢকুৱাখনা জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি বগীনদী উন্নয়নখণ্ডৰ অন্তৰ্গত চৈধ্য মাইল স্থিত সতী ৰাধিকা মঞ্চত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ।
অনুসূচিত জাতি মৰ্চাৰ ঢকুৱাখনা জিলা সমিতিৰ সাধাৰণ সম্পাদক ধিৰেণ দাসৰ সভাপতিত্বত অনুষ্ঠিত হৈ কাৰ্যনিৰ্বাহক সভাখন ।
মূল সভাখন আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ দলীয় পতাকা উত্তোলন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক যাদৱ দাসে ।
এই কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহন কৰি ৰাজ্যিক বিজেপি অনুসূচিত জাতি মৰ্চাৰ সভাপতি নবাৰুণ মেধিয়ে অংশগ্ৰহণ কৰি উদাত্ত ভাষণ দিয়ে
বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বসন্ত শইকীয়াই ভাষণ প্ৰসংগত ভাৰতীয় জনতা পাৰ্টিয়ে মাথোঁ উন্নয়নৰ ৰাজনীতিত হে বিশ্বাস কৰে বুলি মন্তব্য কৰে ।
এই সভাত বহু কেইগৰাকী ৰাজ্যিক তথা জিলা প্ৰৰ্যায়ৰ বিজেপি নেতাই অংশগ্ৰহণ কৰে
পল্লব মিলি/লখিমপুৰ
