মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পৰা পাঁচ বছৰৰ বাবে বিপিএফৰ সৈতে মিত্ৰতা আছিল বিজেপি দলৰ।
এই পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আকৌ কোনো ধৰণৰ নতুনকৈ মিত্ৰতা নহয় বিপিএফৰ সৈতে।’
২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিটিএডি অঞ্চলৰ বিধানসভা সমষ্টিত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা কৰিব বুলিও জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।’
বিজেপি বিপিএফৰ মিত্ৰতাৰ সন্দৰ্ভত দিল্লীতো কোনো ধৰণৰ আলোচনা নহয় বুলি স্পষ্টকৈ জনাই দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অৱশেষত সেয়াই সঁচা প্ৰমাণিত হ’ল। বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি-বিপিএফৰ মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে।

