অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ প্ৰধান ছাত্র সংগঠন ১৯৭১ চনতে প্ৰতিষ্ঠা লাভ কৰা TMPK
ৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে।
এই উপলক্ষে আজি TMPK , ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত MMK আৰু TMMK ৰ ঢকুৱাখনা জিলা
সমিতিৰ সহযোগত সোণালী জয়ন্তী (২০২১) ৰ বৰ্ষযোৰা কাৰ্যসূচীৰ দ্বিতীয় কাৰ্যসূচী উদযাপনৰ অভ্যৰ্থনা
সমিতিৰ গঠন সম্পৰ্কত খেৰকটা মহাবিদ্যালয়ত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে সোণালী জয়ন্তীৰ বৰ্ষৰ উপলক্ষে কেন্দ্ৰীয় সমিতিয়ে ক্ৰমে ঢকুৱাখনা, মাজুলী, চিলাপথাৰ
আৰু গোগামুখত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
পুলিন পেগু/ঢকুৱাখনা