অসমৰ কা বিৰোধী আন্দোলনৰ বলিষ্ঠ নেতা তথা কা বিৰোধী আন্দোলনৰ পৰাই সাংসদ হোৱা অজিত কুমাৰ ভূঞাই ।
অসমৰ বিভিন্ন ঠাইত ঘূৰি কা আন্দোলন শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অসমৰ ৰাইজৰ স'তে মত বিনিময় কৰি আহিছে ।
বিহালী সমষ্টিৰ বেদেতীৰ অমিয় ভৱনত অনুষ্ঠিত হোৱা এখনি মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু আঞ্চলিক গণমৰ্চাৰ সমন্বয়ক মনজিৎ মহন্তই অংশগ্ৰহণ কৰে ।
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসমত সোনকালেই কা কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছত কা' আন্দোলন বৰ্তমান অধিক প্ৰাসংগিক হৈ পৰিছে ।
সভাত শাসকীয় দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কতাক্ষ কৰি কয় যে মোগল, মিঞা, শৰাইঘাট আদি ব্যৱহাৰ কৰি জাতি জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে।
গহপুৰৰ মহেন্দ্ৰ পগাগ ।