লখিমপুৰ জিলাৰ পিছপৰা অঞ্চল ঘূণাসুঁতিৰ ১০ নং ৱাৰ্ডত ৰাইজে গাঁঠিৰ টকাৰে নিৰ্মাণ কৰা এখন বাঁহৰ দলং উদ্বোধন কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি তথা লখিমপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ ডঃ জয়প্ৰকাশ দাসে ।
মৰা সোৱণশিৰিৰ ওপৰত ৰাইজে যাতায়তত দুৰ্ভোগ ভোগি থকাৰ বাবে ঘৰে ধন তথা সামগ্ৰী তুলি আৰু শ্ৰমদান দি প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলংখন পষেক যোৰা কষ্টৰ মূৰত নিৰ্মাণ কৰি উলিয়াইছিল ।
আজি মাংগলিক পৰিৱেশৰ মাজত ডঃ জয়প্ৰকাশ দাসে ৰাইজৰ যাতায়তৰ বাবে ফিটা কাটি উন্মোচন কৰে দলংখন ।
ইয়াৰ পিছতেই কংগ্ৰেছ দলত প্ৰায় ৩০ টাকৈ পৰিয়ালে আনুষ্ঠানিক ভাৱে যোগদান কৰে তথা যোগদান কৰা লোক সকলক গামোচা পিন্ধাই আদৰণি জনাই ।
যোগদান সভাত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ভাষণ প্ৰসংগত উৎপল দত্তই অগপ দলৰ পৰা ৩০ বছৰ লখিমপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ পিছতো তথা পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনেও ঘূণাসুতি বাসীক উন্নয়নৰ নামত মাথোঁ প্ৰতাৰণা কৰিলে বুলি অভিযোগ কৰে ।
বৰ্তমান প্ৰযুক্তিবিদ্যাৰ দিনতো ঘূণাসুঁতিৰ ৰাইজে যাতায়তৰ বাবে বাঁহৰ দলং নিৰ্মাণ কৰিবলগীয়া হোৱাতো অতি দুৰ্ভাগ্যজনক বুলি ক্ষোভ উজাৰে ।
পল্লব মিলি REPORT,লখিমপুৰ





