লখিমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ডিক্ৰঙ দলঙৰ তলত মঙ্গলবাৰে বিয়লি প্ৰায় তিনি বজাত লক্ষাধিক টকাৰ মূল্যৰ হেৰ'ইন সহ এজনক আটক কৰে আৰক্ষীয়ে।
বিহপুৰীয়া আৰক্ষী থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰণ্য পাটৰ আৰু বান্দৰদেৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত কমল পেগু নামৰ ড্ৰাগছ সৰবৰাহ কাৰী জনক আটক কৰাৰ লগতে এশটা সন্দেহজনক হেৰ'ইনৰ কন্টেনাৰ সহ দুটা ম'বাইল আৰু পাঁচশ সত্তৰ টকা নগদ ধন জব্দ কৰে।
পল্লব মিলি/লখিমপুৰ
