কদম ৰাজহচক্ৰৰ অধীনৰ তথা চাউলধোৱা আৰক্ষী চকীৰ এলেকাৰ কৰকনি ডকুৱাত সকামত খোৱা খাদ্যত বিষক্ৰিয়া ঘটি শিশু সহঃ ২০ জনকৈ লোক গুৰুত্বৰভাৱে অসুস্থ হৈ পৰে ।
জানিব পৰামতে , কৰকনি ডকুৱাত দুতিৰাম বৰুৱা নামৰ লোকজনৰ পৰলোকপ্ৰাপ্তি ঘটাত কালি প্ৰয়াত লোকজনৰ ঘৰত তিলনি আছিল । তিলনিতে অসুস্থ লোক কেইজনে বুট,মগুৰ প্ৰসাদ আৰু পিঠাগুড়ি খাইছিল তথা কোনোৱে নিশা সেই প্ৰসাদৰ আঞ্জা ৰান্ধিও খাইছিল ।
কিন্তু আজি পুৱাহে সকামত খাদ্য গ্ৰহণ কৰা সকলোৰে তীব্ৰ জ্বৰ, মাঠা বিষ, বমি হ'বলৈ আৰম্ভ কৰে তথা এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ।
অসুস্থ সকলক গাঁৱৰ লোকে ততাতৈয়াকৈ আনন্দ বাগান স্থিত জিতু মেডিকেল হললৈ লৈ আনি প্ৰাথমিক চিকিৎসা আৰম্ভ কৰে ।
ইয়াৰে প্ৰয়াত দুতিৰাম বৰুৱাৰ পত্নী কনমাই বৰুৱা ( ৫৮) আৰু ৰবীন বৰুৱা ( ৬২ ) ৰ অৱস্থা অতি সংকতজনক হৈ পৰাত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে
পল্লব মিলি /লখিমপুৰ
