চৌদিশে দীপাৱালীৰ আটচবাজীৰে ৰজনজনাই থকাৰ সময়তে হঠাৎ নিশা প্ৰায় ৭ বজাত ৰকেট বোম পৰি অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
চিলাপথাৰ কল্যাণ কেন্দ্ৰ পথৰ হেমন্ত পেগু ওৰফে এচিড পেগু নামৰ লোকজনৰ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হোৱা নাই যদিও পৰিয়ালৰ সকলো সা-সম্পত্তি সম্পূৰ্ণ ৰূপে জুই🔥🔥🌟 জাহ যায়।
নিমিষতে অগ্নিৰ লেলিহান শিখাই বাসগৃহটো আৱৰি ধৰাত পৰিয়ালৰ লোকসকল কোনো মতে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ঘৰৰ সকলো সম্পত্তি।
দীপাৱলীৰ নামত যধেমধে ফটকা ফুটোৱাৰ পৰিণতিতেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।
