দীপাৱলীৰ আনন্দ উছাহৰ মাজতে ডিব্ৰুগড়ত শনিবাৰে ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তিনিগৰাকী সদস্য।
সোণাৰীপট্টিত মা-লখিমী জুৱেলাৰ্চত ১০ হেজাৰ টকা দাবী কৰাৰ অভিযোগত সংগঠনটোৰ অভিনাশ দাস, ৰোহন দাস আৰু বিশ্বজিৎ দাস নামৰ যুৱক কেইজনক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।
জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই এই সন্দৰ্ভত জনোৱা মতে, প্ৰথমে ১০ হাজাৰ টকা বিচাৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠান খনত।
জাতীয় সংগঠনৰ তিনিওগৰাকী সদস্যকে ডিব্ৰুগড় সদৰ থানাত ১৯৯৬/২০ নম্বৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮,৩৮৪,৩৪ ধাৰাৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ কৰে।
