লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম তেলাহীৰ বামুনগঞাত বিজেপিৰ এখন বিশাল কৰ্মীসভা অনুষ্ঠিত হয় ।
দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত বামুনগঞা ৰংগমঞ্চত অনুষ্ঠিত হোৱা পশ্চিম তেলাহী
বিজেপিৰ কৰ্মী সভাখনত সভাপতিত্ব কৰে অনিল হাজৰিকাই ।
কেইবাশতাধিক লোক উপস্থিত থকা কৰ্মী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ
ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ডাঃ মুকুল বৰাই ।
ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ডাঃ মুকুল বৰাই
সভাত ভাষণ প্ৰদান কৰি বৰ্তমানৰ লখিমপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ বিধায়ক উৎপল দত্তক
ক্ষোৰধাৰ সমালোচনা কৰি উৎপল দত্তই মিত্ৰজোটৰ ধৰ্ম পালন নকৰাৰ অভিযোগ কৰি এইবাৰ উৎপল
দত্তৰ পৰাজয় নিশ্চিত বুলি মন্তব্য কৰে তথা এইবাৰ লখিমপুৰত বিজেপি জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য
কৰে । আনহাতে তেওঁ অসম জাতীয় পৰিষদ, ৰাইজৰ দল , কংগ্ৰেছকো তীব্ৰ কটাক্ষ কৰি বিজেপিক ৰোধিব পৰা শক্তি নাই বুলি মন্তব্য কৰে ।