সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই মহকুমা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত তথা জোনাইবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি সন্ধিয়া কা ২০১৯ আইন বাতিলৰ দাবীত এক প্ৰতিবাদী জোৰ সমদল উলিয়াই ৷
প্ৰথমে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত থকা শ্বহীদ বেদীত শ্বহীদ তৰ্পণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷
তাৰ পিছত প্ৰতিবাদকাৰী সকলে সমদল কৰি ৰুকচিন গেট, মূৰ্কংচেলেক ৰেলোৱে ষ্টেচন , ৰাঙপ তিনিআলিৰ পৰা জোনাই বজাৰ হৈ আহি পুনৰ শ্বহীদ বেদীত সমবেত হৈ প্ৰতিবাদী জোঁৰ সমদল সামৰে ৷
প্ৰতিবাদকাৰী সকলে কা বাতিল কৰক ; কা আমি নামানো ; সৰ্বা তোমাৰ কাম নাই ; বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে জোনাইৰ আকাশ বতাহ কপাই তোলে ৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাজীব গগৈ জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰীকে ; AJYCP ধেমাজী জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা ; উপদেষ্টা নীল গগৈয়কে আদি কৰি প্ৰায় দুই শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷