ঢকুৱাখনা, ঘূণাসূতি আৰু লখিমপুৰ সংযোগী পথটো নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰি থকা হৈছে - মুখ্যমন্ত্ৰী
মৰনৈ বেবেজীয়া আৰু বৰষামুখ সংযোগী ২০২০-২১ বৰ্ষৰ RIDF XXVI শিতানত প্ৰায় ৮ কোটি ৭৫ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কাৰ্য পথটো শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
তদুপৰি এখন সভাত উপস্থিত হৈ তেওঁ কয় যে অসম চৰকাৰে ভূমিহীন খিলঞ্জীয়া এক লাখ লোকক ভূমি পট্টা দিয়া হৈছে আৰু আগন্তুক বৰ্ষত আৰু এক লাখ ভূমিহীন লোকক পট্টা দিয়া হব।
তাৰ পিছতে ঐতিহাসিক ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ নৰোৱা সত্ৰত মূল দ্বাৰ শুভ উদ্বোধন কৰি সত্ৰখনত ধূপ, বন্তি জ্বলাই বাসুদেৱৰ ওচৰত সেৱা কৰেহি।
সত্ৰ দৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত "আধ্যাত্মিক ভূমি বাসুদেৱ থানত উপস্থিত হৈ অত্যন্ত আনন্দিত হৈছোঁ।প্ৰভূৰ চৰণত মূৰ দুৱাইছো যাতে ৰাজ্যখনে শান্তিত থাকে। ঢকুৱাখনা আৰু ঘূণাসূতি হৈ লখিমপুৰ সংযোগী পথটো নিৰ্মাণ সন্দৰ্ভত আমাৰ তৰফৰ আলাপ আলোচনা কৰি থকা হৈছে বুলি জনায়।